<<

Sankar Ramzaan Choudhury

শংকৰ ৰমজান চৌধুৰী - poem


যেনে তেনে চব থিকে আছে
আল্লাহৰ ৰেহেম আৰু
ঈশ্বৰৰ বৰদান
ৰাতিপুৱা পঢ়ো পুথি,
সন্ধিয়া শুনো আজান।

দুখে ভাগৰে যেতিয়া
মঞ্চৰ পৰা নামো,
মই পাহৰি যাওঁ মোৰ নাম,
আছিল ‘শংকৰ’ নে আছিল ‘ৰমজান’?

“বাৰু থিক আছে চৌধুৰী,
আমাৰ স্বাৰ্থ বোৰ কোনে
পুৰাব? কোৱাচোন”
মই মিচিকিয়া হাঁহিৰে ক‌ওঁ
“যিশু খ্ৰীষ্ট, আৰু কোন?”